scientiaeducare23
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী (Indian Institute of Technology Guwahati)

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী (ইংৰাজী: Indian Institute of Technology Guwahati, হিন্দী: भारतीय प्रोद्योगिकी संसथान गुवाहाटी, IIT Guwahati, IITG) হৈছে ভাৰতৰ ষষ্ঠখন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান। এই প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানটো ভাৰত চৰকাৰে অসমৰ গুৱাহাটীত প্ৰতিষ্ঠা কৰে। ভাৰত চৰকাৰে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীক Institute of National Importance (Institute of National Importance) ৰূপে স্বীকৃতি দিছে।

ইতিহাস

১৯৮৫ চনত সদৌ অসম ছাত্ৰ সন্থা আৰু ভাৰত চৰকাৰৰ মাজত হোৱা চুক্তি অনুসৰি অসমত শিক্ষাৰ ক্ষেত্ৰত উন্নতি কৰাৰ লক্ষ্যৰে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী স্থাপন কৰা হয়।

Lecture Hall Complex

১৯৯৪ চনত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী স্থাপন কৰা হয় যদিও ১৯৯৫ চনৰ পৰাহে শিক্ষাদান আৰম্ভ কৰা হয় ১৯৯৫ চনত ইয়াত বেচেলৰ অফ টেকনল’জীৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি কৰা হয়। আন আন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানসমূহৰ নিচিনাকৈ ইয়াত Joint Entrance Examination (Indian Institute of Technology Joint Entrance Examination)ৰ যোগেদি ইয়াত নামভৰ্তি কৰোৱা হয়।১৯৯৮ চনত প্ৰথম বাৰৰ বাবে GATE (Graduate Aptitude Test in Engineering) যোগেদি Master of Technology পাঠ্যক্ৰমৰ বাবে নামভৰ্তি কৰা হয়।

চৌহদ

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটী, ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত। ৭০০ একৰ (২.৮ বৰ্গ কিঃমিঃ) জুৰি ইয়াৰ চৌহদ বিস্তৃত হৈ আছে। গুৱাহাটী মহানগৰৰ পৰা ইয়ালৈ প্ৰায় ২০ কিঃমিঃ। চৌহদৰ একাষে ব্ৰহ্মপুত্ৰ আৰু আনফালৰ পৰা পাহাৰে আগুৰি আছে।

বিভাগ সমূহ

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীত থকা বিভাগসমূহ হৈছে:

বায়’টেকন’লজী বিভাগ
কেমিকেল ইঞ্জিনিয়াৰিং বিভাগ
ৰসায়ন বিজ্ঞান বিভাগ
চিভিল ইঞ্জিনিয়াৰিং বিভাগ
Urban & Regional Planning(URP) বিভাগ
Water Resources Engineering বিভাগ
কম্পিউটাৰ চায়েঞ্চ এণ্ড ইঞ্জিনিয়াৰিং বিভাগ
Department of Design
ইলেকট্ৰনিক্স এণ্ড ইলেকট্ৰকেল ইঞ্জিনিয়াৰিং বিভাগ (পূৰ্বতে ইলেকট্ৰনিক্স এণ্ড কমিউনিকেশ্বন বিভাগ বুলি জনা গৈছিল)
Humanities আৰু সমাজ বিজ্ঞান বিভাগ
পদাৰ্থ বিজ্ঞান বিভাগ
গণিত বিভাগ
মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগ
ইলেকট্ৰকেল এণ্ড ইলেকট্ৰনিক্স ইঞ্জিনিয়াৰিং বিভাগ
ইনডাচট্ৰিয়েল এণ্ড প্ৰডাকচন ইঞ্জিনিয়াৰিং বিভাগ
প্ৰতিষ্ঠানটোৰ উপৰোক্ত বিভাগসমূহে বি.টেক, বি.ডিজাইন, এম.ডিজাইন, এম.টেক, পি.এইচ.ডি., এম.এ (Development Studies) আৰু এম.এচচি.ৰ পাঠ্যক্ৰম প্ৰদান কৰে।

গৱেষণা কেন্দ্ৰ

আই আই টি গুৱাহাটীত মুঠ ছটা গৱেষণা কেন্দ্ৰ আছে। সেইকেইটা হৈছে:

Centre for Educational Technology
Centre for Nanotechnology
Centre for Mass Media Communication
Central Instruments Facility
Centre for Energy
Centre for the Environment

For more details Please! Refer the Website: Click Here
Best Wishes From www.scientiaeducare.com
Helping you choose a successful career….

LEAVE A REPLY

Please enter your comment!
Please enter your name here