Home assam education ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় (Fakhruddin Ali Ahmed Medical College), বৰপেটা

ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় (Fakhruddin Ali Ahmed Medical College), বৰপেটা

Fakhruddin Ali Ahmed Medical College

2739
0

scientiaeducare18
ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়

(Fakhruddin Ali Ahmed Medical College), বৰপেটা

ফখ্‌ৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় অসমৰ চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত নৱতম সংযোজন। আজিৰপৰা এশ বছৰ আগতেই অসমত প্ৰথমখন চিকিৎসা শিক্ষাৰ প্ৰতিষ্ঠান গঢ়ি উঠিছিল ডিব্ৰুগড় চহৰত, ‘বেৰী হোৱাইট মেডিকেল স্কুল’ নামেৰে। এই বিদ্যালয়খনকে ১৯৪৮ চনৰ ৩ নৱেম্বৰ তাৰিখে ‘অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়’লৈ উন্নীত কৰা হয়। ইয়াৰ পাছত ১৯৬০ আৰু ১৯৬৮ চনত স্থাপন কৰা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় শিলচৰ চিকিৎসা মহাবিদ্যালয়। ইয়াৰ পাছত চল্লিছ বছৰৰ ব্যৱধানত যোৰহাট, বৰপেটা আৰু তেজপুৰ, এই তিনিখন চহৰত তিনিখন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ প্ৰয়াস আৰম্ভ কৰা হয়। ইয়াৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় ২০০৯ চনৰ ১২ অক্টোবৰ তাৰিখে উদ্বোধন কৰা হৈছে। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত পাঠদান ইতিমধ্যে আৰম্ভ কৰা হৈছে।

বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় অসমৰ পঞ্চমখন চিকিৎসা মহাবিদ্যালয় হিচাপে পৰিগণিত হ’ব। এই মহাবিদ্যালয় সংলগ্ন চিকিৎসালয়খন ২০১১ চনৰ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয়। মহাবিদ্যালয় অংশৰ কাম-কাজ পূৰ্ণগতিত চলাই থকা হৈছে, আৰু সোনকালেই এম.চি.আই-য়ে পৰিদৰ্শন কৰি চিকিৎসা শিক্ষা আৰম্ভ কৰাৰ অনুমতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

এই চিকিৎসা শিক্ষা প্ৰতিষ্ঠানখনে নামনি অসমৰ ৰাইজক বিশেষ ভাৱে সহায় কৰিব বুলি আশা ৰখা হৈছে। তাৰোপৰি চিকিৎসা শিক্ষাৰ ক্ষেত্ৰটো ই এই অঞ্চললৈ নতুন জোৱাৰ আনিব বুলি আশা কৰা হৈছে।

ফখ্‌ৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়-খন শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধীনত পঞ্জীকৃত।

অসমৰ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত তৰুণ গগৈদেৱে ২০১১ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় সংলগ্ন চিকিৎসালয়খন ৰাইজে বাবে মুকলি কৰি দিয়ে। উদ্বোধনী অনুষ্ঠানত মাননীয় চিকিৎসা আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰও কেবাজনো সন্মানীয় ব্যক্তিয়ে অংশগ্ৰহন কৰে। বৰ্তমান এই চিকিৎসালয়ে বৰ্হি বিভাগ আৰু অন্তৰ্বিভাগত সেৱা আগবঢ়াই আছে। আপাতকালীন বিভাগৰ জৰিয়তেও সেৱা আগবঢ়াই থকা হৈছে।

অন্যান্য বিভাগসমূহ

এনাষ্ঠেছিয়া-এনাট’মি-বায়’কেমেষ্ট্ৰি-কম্যুনিটি মেডিচিন-দাঁত সম্বন্ধীয় চিকিৎসা-চৰ্ম আৰু যৌন ৰোগ-কাণ, নাক আৰু ডিঙি-বিধি চিকিৎসা-বিভাগ-স্ত্ৰী আৰু প্ৰসূতি ৰোগ-মেডিচিন-মাইক্ৰ’বায়’লজি-চকু বিভাগ-অৰ্থ’পেডিক্‌ছ-শিশু বিভাগ-পেথ’লজী-ফাৰ্মাক’লজী-ফিজিঅ’লজি-মানসিক ৰোগ বিভাগ-ৰেডিঅ’লজী-ছাৰ্জাৰী-যক্ষ্মা আৰু বুকুৰ ৰোগ

For more details Please! Refer the Website: Click Here
Best Wishes From www.scientiaeducare.com
Helping you choose a successful career….