Home assam education অসম কৃষি বিশ্ববিদ্যালয়

অসম কৃষি বিশ্ববিদ্যালয়

3015
0

     scientia3

       অসম কৃষি বিশ্ববিদ্যালয়

যোৰহাটত অৱস্থিত অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ কৃষি বিশ্ববিদ্যালয়।
১৯৬৯ চনত স্থাপিত হোৱা এই বিশ্ববিদ্যালয় খনে অসমত কৃষি শিক্ষা, গৱেষণা আৰু কৃষি
সম্প্ৰসাৰণৰ হকে কাম কৰি আহিছে। প্ৰথমে যোৰহাটৰ অসম কৃষি মহাবিদ্যালয় আৰু
গুৱাহাটীৰ অসম পশু চিকিৎসা মহাবিদ্যালয় দুখনক কেন্দ্ৰ বিন্দু হিচাপে লৈ এই বিশ্ববিদ্যালখন
আৰম্ভ কৰা হৈছিল।বিশ্বৰ কেৱল এই বিশ্ববিদ্যালয়তেই চাহ প্ৰযুক্তিবিদ্যা বিষয়ত স্নাতক আৰু
স্নাতকোত্তৰ পৰ্য্যায়ৰ শিক্ষা প্ৰদান কৰা হয়। ছশৰো অধিক শিক্ষক, গৱেষক আৰু সম্প্ৰসাৰণ
বিশেষজ্ঞই এই বিশ্ববিদ্যালয়ৰ যোগেদি কৃষি আৰু পশু চিকিৎসা বিজ্ঞানৰ বিভিন্ন বিষয়ত সেৱা আগবঢ়াই আছে।স্থাপিত ১৯৬৯,ধৰণ ৰাজহুৱা,ধৰ্মীয় ভুক্তি আই চি এ আৰ(ICAR),আচাৰ্য অসমৰ ৰাজ্যপাল উপাচাৰ্য কমল মল্ল বুজৰবৰুৱা,স্থান যোৰহাট, অসম, ভাৰত।

বিশ্ববিদ্যালয়ৰ অধীনত ছখন মহাবিদ্যালয়

কৃষি মহাবিদ্যালয়, যোৰহাট
গাৰ্হস্থ্য বিজ্ঞান মহাবিদ্যালয়, যোৰহাট
পশু চিকিৎসা মহাবিদ্যালয়, খানাপাৰা, গুৱাহাটী
বিশ্বনাথ কৃষি মহাবিদ্যালয়, বিশ্বনাথ চাৰিআলি
লখিমপুৰ পশু চিকিৎসা মহাবিদ্যালয়, উত্তৰ লখিমপুৰ
মীন মহাবিদ্যালয়, ৰহা

গৱেষণা কেন্দ্ৰ

তিতাবৰ – উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল
উত্তৰ লক্ষিমপুৰ – উত্তৰ পাৰৰ সমতল অঞ্চল
শ্বিলঙিনী – মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল
ডিফু – পাৰ্বত্য অঞ্চল
গোঁসাইগাঁও – নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল
কৰিমগঞ্জ- বৰাক উপত্যকা অঞ্চল

 

For more details Please!  Click Here

Best Wishes From www.scientiaeducare.com

Helping you choose a successful career….