Home assam education জাতীয় প্ৰাদ্যোগিক সংস্থান, শিলচৰ (National Institute of Technology, Silchar)

জাতীয় প্ৰাদ্যোগিক সংস্থান, শিলচৰ (National Institute of Technology, Silchar)

National Institute of Technology, Silchar

2304
0

scientiaeducare24
জাতীয় প্ৰাদ্যোগিক সংস্থান, শিলচৰ (National Institute of Technology, Silchar)

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ (ইংৰাজী: National Institute of Technology Silchar; হিন্দী: राष्ट्रीय प्रौद्योगिकी संस्थान, सिल्चर) অসমৰ শিলচৰ চহৰত অবস্থিত এখন অভিযান্ত্ৰিক শিক্ষাৰ প্ৰতিষ্ঠান। ১৯৬৭ চনত আঞ্চলিক অভিযান্ত্ৰিক মহাবিদ্যালয় (Regional Engineering College) হিচাবে প্ৰতিষ্ঠিত এই মহাবিদ্যালয়খন ২০০২ চনত ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানলৈ উন্নীত কৰা হয়। ২০০৭ চনৰ ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আইন (National Institutes of Technology Act, 2007) ৰ অধীনত ইয়াক ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান (Institute of National Importance) হিচাপে ঘোষণা কৰা হয়। ভাৰতৰ ৩০ খন ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অন্যতম এই মহাবিদ্যালয়খন শিলচৰ চহৰৰ কাষৰত প্ৰায় ৫৪০ একৰ আৱাসিক চৌহদত প্ৰতিস্থিত।

অৱস্থিতি

এই প্ৰতিষ্ঠানখনৰ অক্ষাংশ ২৪.৭৫° উত্তৰ আৰু দ্ৰাঘিমাংশ ৯২.৭৯° পূৱ। শিলচৰ-হাইলাকান্দি পথত অৱস্থিত এই প্ৰতিষ্ঠাখন শিলচৰ চহৰৰ পৰা ১২ কি:মি: দূৰত অৱস্থিত।

ইতিহাস

ভাৰত চৰকাৰ আৰু অসম চৰকাৰে যুটীয়াভাৱে, প্ৰযুক্তিৰ ক্ষেত্ৰত মানৱ সম্পদৰ অভাৱ পূৰণৰ বাবে ১৯৬৭ চনত এই প্ৰতিষ্ঠানখন ৰিজিঅ’নেল ইঞ্জিনিয়াৰিং কলেজ হিচাপে শিলচৰত স্থাপন কৰিছিল। ইয়াক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যুটীয়াভাৱে পৰিচালনা কৰিছিল। প্ৰ্শাসনীয় ক্ষেত্ৰত ইয়াক স্বায়িত্ব শাসিত মহাবিদ্যালয় হিচাপে স্বীকৃতি দিয়া হৈছিল। ২০০২ চনত ইয়াক মান্যতাপ্ৰাপ্ত বিশ্ববিদ্যালয়লৈ উন্নীত কৰি নামটো সলনি কৰি ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা সংস্থান, শিলচৰ (National Institute of Technology, Silchar) ৰখা হয়। ২০০৭ চনত এন আই টি আইনৰ অধীনত ইয়াক ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰা হয়।

শৈক্ষিক ক্ষেত্ৰ

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰে অভিযান্ত্ৰিক, বিজ্ঞান আৰু মানৱীয়তাৰ ১১ বিষয়ত স্নাতক আৰু স্নাতোকোত্তৰ ডিগ্ৰী প্ৰদান কৰে। ইয়াত এখন কেন্দ্ৰীয় বিদ্যালয়ো আছে।

বিভাগসমূহ

অভিযান্ত্ৰিক বিভাগসমূহ

বিভাগ
১ অসামৰিক অভিযন্ত্ৰণ বিভাগ
২ কম্পিউটাৰ বিজ্ঞান আৰু অভিযন্ত্ৰণ বিভাগ
৩ ইলেকট্ৰ্নিকচ আৰু দূৰসংযোগ অভিযন্ত্ৰণ বিভাগ
৪ ইলেকট্ৰনিকচ আৰু উপকৰণ অভিযন্ত্ৰণ বিভাগ
৫ ইলেকট্ৰিকেল অভিযন্ত্ৰণ বিভাগ
৬ যান্ত্ৰিক অভিযন্ত্ৰণ বিভাগ

অনাভিযান্ত্ৰিক বিভাগসমূহ

বিভাগ
১ ৰসায়ন বিজ্ঞান
২ মানৱীয়তা আৰু সমাজ বিজ্ঞান
৩ মেনেজমেন্ট
৪ গণিত
৫ পদাৰ্থ বিজ্ঞান

স্নাতক ডিগ্ৰী

এই প্ৰতিষ্ঠানখনে ৬ টা বিষয়ত বি টেক ডিগ্ৰী প্ৰদান কৰে। এই বিষয়সমূহত নামভৰ্তি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (CBSE) ৰ দ্বাৰা অয়োযিত জে ই ই (JEE-Main) পৰীক্ষাৰ জৰিয়তে কৰা হয়। এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিৰ্দেশিত সংৰক্ষণ ব্যৱস্থা মানি চলা হয়। এই অনুসৰি ২৭% আসন অন্যান্য পিছপৰা জাতি, ১৫% আসন অনুসূচীত জাতি আৰু ৭.৫% আসন অনুসূচীত জনজাতি সমূহৰ বাবে সংৰক্ষিত।

আন এক পৃথক ব্যৱস্থা ডাচা (DASA= Direct Admission to Students Abroad) ৰ দ্বাৰা, ভাৰত চৰকাৰৰ পৰা জলপানি প্ৰাপ্ত বিদেশী ছাত্ৰ আৰু প্ৰৱাসী ভাৰতীয় ছাত্ৰ সমূহৰ নামভৰ্তি কৰা হয়।

স্নাতকোত্তৰ ডিগ্ৰী

প্ৰতিষ্ঠানখনে তলত দিয়া ধৰণে এম টেক ডিগ্ৰী আগবঢ়ায়

ক্ৰৰ্মিক নং বিভাগ বিষয়
১ অসামৰিক অভিযান্ত্ৰিক বিভাগ
Water Resource Engineering
Earthquake Engineering
Transportation Engineering
Structural Engineering
২ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ
Thermal Engineering
Design & Manufacturing
Materials and Manufacturing
CAD/CAM
৩ ইলেকট্ৰিকেল অভিযান্ত্ৰিক বিভাগ
Power System Engineering
control and industrial automation
৪ ইলেকট্ৰনিকচ আৰু দূৰসংযোগ অভিযান্ত্ৰিক বিভাগ
Microelectronics and VLSI design
৫ ৰসায়ন বিজ্ঞান
M.Sc. in Applied Chemistry

For more details Please! Refer the Website: Click Here
Best Wishes From www.scientiaeducare.com
Helping you choose a successful career….