Home assam education টোকোলাই চাহ গৱেষণা কেন্দ্ৰ (Tocklai Experimental Station), যোৰহাট

টোকোলাই চাহ গৱেষণা কেন্দ্ৰ (Tocklai Experimental Station), যোৰহাট

Tocklai Experimental Station

3043
0

scientiaeducare4
টোকোলাই চাহ গৱেষণা কেন্দ্ৰ

(Tocklai Experimental Station), যোৰহাট

অসমৰ গৰ্ব সেউজীয়া সোণ চাহৰ ওপৰত গৱেষণা কৰা টোকলাই চাহ গৱেষণা কেন্দ্ৰ ১৯১১ চনত যোৰহাটৰ টোকলাই নৈৰ পশ্চিম পাৰত চাহৰ উৎপাদন আৰু প্ৰস্তুতকৰণ পদ্ধতিৰ ওপৰত বিস্তাৰ ভাৱে গৱেষণা চলাবৰ বাবে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ চাহ বাগিচাসমূহক সমূহক সামৰি বৰ্তমানৰ টোকোলাই চাহ গৱেষণা কেন্দ্ৰটো প্ৰতিষ্ঠা কৰা হৈছিল। ডঃ পি এইচ কাৰ্পেণ্টাৰক মুৰব্বী বিষয়া হিচাপে নিযুক্তি দিয়া হয়। অসম আৰু বংগ চৰকাৰ আৰু চাহ উদ্যোগে ইয়াৰ প্ৰতিষ্ঠাৰ খৰচ বহন কৰিছিল। ১৯৬৪ চনৰ পহিলা জানুৱাৰীৰ পৰা বৈজ্ঞানিক আৰু উদ্যোগিক অনুসন্ধান পৰিষদ, চাহ ব’ৰ্ড আৰু সদস্য বাগিচাসমূহৰ এটা সমবায়ভিত্তিক গৱেষণা প্ৰতিষ্ঠান হিচাপে ‘চাহ গৱেষণা সন্থা’ গঠন কৰা হয় আৰু ই টোকলাই গৱেষণা কেন্দ্ৰৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰে।
টোকলাই চাহ গৱেষণা কেন্দ্ৰত চাহ গছ ৰোৱা, প্ৰতিপাল কৰা, পাত তোলা, সাৰ প্ৰয়োগ কৰা, জলসিঞ্চন, গছক পোক অাৰু বেমাৰৰ পৰা ৰক্ষা কৰা অাদি বিভিন্ন বিষয়ত গৱেষণা চলাই থকাৰ উপৰিও অাধুনিক চাহৰ টিছু কালচাৰ অাৰু ইয়াৰ ঔষধি গুণৰ ওপৰত বিশেষ গুৰুত্ব সহকাৰে গৱেষণা চলি অাছে।
The beginning of a new era of tea research in India was marked by the establishment of the Scientific Department of Indian Tea Association (ITA) in the year 1900. This was consolidated with the creation of the Tocklai Experimental Station in 1911. The formation of the Tea Research Association (TRA) in 1964 with Tocklai at the centre of all activities further expanded the horizon of tea research to cover the entire Northeast India. Research on all aspects of tea cultivation and processing is carried out at Tocklai Experimental station, Jorhat the oldest and the largest research station of its kind in the world. Transfer of technology to its member estates is carried out through its advisory network covering 1076 tea estates occupying 3,41,049 ha of land spread over The South Bank, North Bank, Upper Assam, Cachar, Tripura, Dooars, Darjeeling and Terai. Tocklai has its substation at Nagrakata. Membership is voluntary.
For more details Please! Refer the Website: Click Here
Best Wishes From www.scientiaeducare.com
Helping you choose a successful career….