Home assam education ডিব্ৰুগড় বিশ্ববিদ্যালয়

ডিব্ৰুগড় বিশ্ববিদ্যালয়

3472
0

scientia2

ডিব্ৰুগড় বিশ্ববিদ্যালয়

ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমৰ পূব প্ৰান্তত অৱস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বিশ্ববিদ্যালয়।
১৯৬৫ চনত অসম বিধান সভাত প্ৰস্তাৱিত এক বিধেয়কৰদ্বাৰা এই বিশ্ববিদ্যালয় স্থাপিত হয় ।অসমৰ উচ্চশিক্ষাৰ অন্যতম কেন্দ্ৰৰূপে পৰিচিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কলা, বিজ্ঞান, বাণিজ্য আৰু প্ৰযুক্তিবিদ্যা বিষয়ক শিক্ষাদানৰ বাবে বিভিন্ন বিভাগ আৰু অধ্যয়ন কেন্দ্ৰৰ উপৰিও এখন”অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিস্থান” আছে।

বৰ্তমান এই বিশ্ববিদ্যালয়ৰদ্বাৰা অনুমোদিত মুঠ মহাবিদ্যালয়ৰ সংখ্যা ১৬০। ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদৰ মুঠ মাটিকালি হ’ল ২০৩ হেক্টৰ; ইয়াৰে ৭৪.৩ হেক্টৰৰ এটা এলেকাত চাহখেতি কৰা হয়। এই বিশ্ববিদ্যালয়খন ডিব্ৰুগড় নগৰৰ কেন্দ্ৰবিন্দু “নতুন বজাৰ” ৰ পৰা প্ৰায় ৫ কি: মি: দক্ষিণে “ৰজাভেটা” অঞ্চলত অৱস্থিত। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো বিশ্ববিদ্যালয় চৌহদৰ মাজেৰে পাৰ হৈ গৈছে,মহাবিদ্যালয়ৰ মূলমন্ত্ৰ  (motto) নিয়তং কুৰু কৰ্ম,স্থাপিত ১৯৬৫,ধৰণ ৰাজহুৱা,আচাৰ্য অসমৰ ৰাজ্যপাল,উপাচাৰ্য ড° অলক কুমাৰ বুঢ়াগোহাঞি,স্থান ডিব্ৰুগড়, অসম,ভাৰত।

বিভিন্ন বিভাগ আৰু অধ্যয়ন কেন্দ্ৰসমূহ

অসমীয়া বিভাগ
অৰ্থনীতি বিভাগ
শিক্ষাতত্ত্ব বিভাগ
ইংৰাজী বিভাগ
বুৰঞ্জী বিভাগ
ৰাজনীতি-বিজ্ঞান বিভাগ
সমাজতত্ত্ব বিভাগ
বাণিজ্য বিভাগ
নৃতত্ত্ব বিভাগ
প্ৰায়োগিক ভূ-তত্ত্ব বিভাগ
ৰসায়ন-বিজ্ঞান বিভাগ
জীৱ-বিজ্ঞান বিভাগ
গণিত বিভাগ
পেট্ৰলিয়াম প্ৰযুক্তিবিদ্যা বিভাগ
ভেষজ বিজ্ঞান বিভাগ
পদাৰ্থ-বিজ্ঞান বিভাগ
পৰিসংখ্যা বিভাগ
পৰিকলন অধ্যয়ন কেন্দ্ৰ
ব্যৱস্থাপনা অধ্যয়ন কেন্দ্ৰ
জৈৱ-প্ৰযুক্তি অধ্যয়ন কেন্দ্ৰ
জৈৱ-তথ্যপ্ৰযুক্তি অধ্যয়ন কেন্দ্ৰ
গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান অধ্যয়ন কেন্দ্ৰ
চাহ আৰু কৃষি অধ্যয়ন কেন্দ্ৰ
ড° ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰ
ন্যায়িক অধ্যয়ন কেন্দ্ৰ
ভূগোল অধ্যয়ন কেন্দ্ৰ
সাংবাদিকতা আৰু গণ-সংযোগ অধ্যয়ন কেন্দ্ৰ
শাৰিৰীক শিক্ষা অধ্যয়ন কেন্দ্ৰ
গ্ৰামীণ- বিকাশ অধ্যয়ন কেন্দ্ৰ (অৰ্থনীতি বিজ্ঞানৰ অন্তৰ্গত)
সমাজসেৱা অধ্যয়ন কেন্দ্ৰ (সমাজতত্ত্ব বিভাগৰ অন্তৰ্গত)
বায়ুমণ্ডল অধ্যয়ন কেন্দ্ৰ (পদাৰ্থ বিজ্ঞান বিভাগৰ অন্তৰ্গত)
দৰ্শন অধ্যয়ন কেন্দ্ৰ
আচৰণ-বিজ্ঞান অধ্যয়ন কেন্দ্ৰ
ভাষা অধ্যয়ন কেন্দ্ৰ

For more details Please!  Click Here

Best Wishes From www.scientiaeducare.com

Helping you choose a successful career….