Home assam education তেজপুৰ বিশ্ববিদ্যালয়

তেজপুৰ বিশ্ববিদ্যালয়

2953
0

Scientia4

তেজপুৰ বিশ্ববিদ্যালয়

১৯৯৪ চনত তেজপুৰৰ নপামত স্থাপিত হয় তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়।
বৰ্তমান বিশ্ববিদ্যালয়খনত ১৫টা বিভাগেৰে প্ৰায় ২৫০০ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহন কৰি আছে। বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ উপাচাৰ্য্য মিহিৰ কান্তি চৌধুৰী আৰু বিশেষ-উপাচাৰ্য্য অমৰজ্যোতি চৌধুৰী।গৱেষণাৰ দিশত বিশ্ববিদ্যালয়খনৰ ভাৰতৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমুহৰ ভিতৰত এক বিশেষ সুনাম আছে। বিশ্ববিদ্যালয় সংগীতৰ কথা আৰু সুৰ ড০ ভূপেন হাজৰিকাৰ।,মূলমন্ত্ৰ (motto) विज्ञानं यज्ञं तनुते (সংস্কৃত), স্থাপিত ১৯৯৪,ধৰণ কেন্দ্ৰীয় বিশ্ববিদ্যালয়,ধৰ্মীয় ভুক্তি ভাৰত চৰকাৰ আচাৰ্য জানকি বল্লভ পাটনায়ক,উপাচাৰ্য মিহিৰ কান্তি চৌধুৰী স্থান তেজপুৰ, অসম, ভাৰত,চৌহদ নপাম ২৪২ একৰ (০.৯৮ বৰ্গ কি.মি.)।

পাঠ্যক্ৰম আৰু অন্তৰ্গত বিদ্যাপীঠসমূহ
তেজপুৰ বিশ্ববিদ্যালয়ত নামভৰ্ত্তি কৰিবলৈ এটি সৰ্বভাৰতীয় পৰ্য্যায়ত এটা বাচনি পৰীক্ষাত উৰ্ত্তিন হোৱাতো বাঞ্চনীয়।

স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰম সমূহ

অভিযান্ত্ৰিক বিষয়ত চাৰিবছৰীয়া পাঠ্যক্ৰম
পাঁচ বছৰীয়া সন্মিলিত স্নাতকোত্তৰ পাঠ্যক্ৰম
স্নাতকোত্তৰ পৰ্যায়ৰ পাঠ্যক্ৰম সমূহ

কলা বিষয়ত স্নাতকোত্তৰ দুবছৰীয়া পাঠ্যক্ৰম
প্ৰায়োগিক আৰু গতানুগতিক বিজ্ঞান বিষয়ত স্নাতকোত্তৰ দুবছৰীয়া পাঠ্যক্ৰম
দু বছৰীয়া এম.বি.এ পাঠ্যক্ৰম
উল্লেখযোগ্য যে “কম্পিউটেছনেল চিচ‍ম’ল’জী” বিষয়ত এম.টেক ডিগ্ৰী প্ৰদান কৰা ই ভাৰতৰ একমাত্ৰ বিশ্ববিদ্যালয়। স্নাতকোত্তৰ পৰ্যায়ৰ পাছত বিশ্ববিদ্যালয়ত বিভিন্ন বিভাগত গৱেষনাৰ বাবে আবেদন কৰিব পাৰি।
তেজপুৰ বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগ সমূহ কেইখন মান বিদ্যালয়ত বিভক্ত কৰা হৈছে। সেই বিদ্যালয় কেইখন হৈছে-

অভিযান্ত্ৰিক বিদ্যাপীঠ
মানবীয়তা আৰু সমাজ বিজ্ঞান বিদ্যাপীঠ
ব্যৱস্থাপনা বিজ্ঞান বিদ্যাপীঠ
বিজ্ঞান আৰু কাৰিকৰী বিদ্যাপীঠ

তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ভৱন
অভিযান্ত্ৰিক বিদ্যাপীঠ
এই বিদ্যাপীঠৰ অন্তৰ্গত বিভাগ সমূহ

সংগণক বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগ
অসামৰিক অভিযান্ত্ৰিক বিভাগ
অণুবিদ্যুত আৰু যোগাযোগীকৰন অভিযান্ত্ৰিক বিভাগ
শক্তি বিভাগ
খাদ্য অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা বিভাগ
যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগ
তড়িৎ অভিযান্ত্ৰিক বিভাগ
মানবীয়তা আৰু সমাজ বিজ্ঞান বিদ্যাপীঠ
এই বিদ্যাপীঠৰ অন্তৰ্গত বিভাগ সমূহ

সংস্কৃতি অধ্যয়ন বিভাগ
ইংৰাজী আৰু বিদেশী ভাষা বিভাগ
গণসংযোগ আৰু সাংবাদিকতাবিভাগ
সমাজশাস্ত্ৰ বিভাগ
হিন্দী বিভাগ
অসমীয়া অধ্যয়ন কেন্দ্ৰ
সামাজিক কাম বিভাগ
শিক্ষা বিভাগ
ব্যৱস্থাপনা বিজ্ঞান বিদ্যাপীঠ
এই বিদ্যাপীঠৰ অন্তৰ্গত বিভাগ সমূহ

বাণিজ্য প্ৰশাসন বিভাগ
দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰ
বিজ্ঞান আৰু কাৰিকৰী বিদ্যাপীঠ
এই বিদ্যাপীঠৰ অন্তৰ্গত বিভাগ সমূহ

ৰাসায়নিক বিজ্ঞান বিভাগ
প্ৰাকৃতিক বিজ্ঞান বিভাগ
গাণিতিক বিজ্ঞান বিভাগ
আণৱিক বিজ্ঞান আৰু জৈৱ প্ৰযুক্তি বিভাগ
পদাৰ্থ বিজ্ঞান বিভাগ

For more details Please! Click Here

Best Wishes From www.scientiaeducare.com

Helping you choose a successful career….