Home assam education নৰ্থ লখিমপুৰ কলেজ

নৰ্থ লখিমপুৰ কলেজ

3096
0

 

scientiaeducare4

নৰ্থ লখিমপুৰ কলেজ

নৰ্থ লখিমপুৰ কলেজ বা উত্তৰ লখিমপুৰ মহাবিদ্যালয় লখিমপুৰ (পূৰ্বৰ লক্ষীমপুৰ) জিলাৰ সদৰৰ সমীপৱৰ্তী খেলমাটিত অৱস্থিত এখনি স্বায়ত্ত-শাসিত মহাবিদ্যালয়৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ, মহাবিদ্যালয়খনি ১৯৫২ চনত স্থাপিত হৈছিল। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এক বিস্তীৰ্ণ অঞ্চলত উচ্চশিক্ষাৰ ধাৰাৰ সূচনাত এই মহাবিদ্যালয়ৰ বৰঙণি অনস্বীকাৰ্য। মহাবিদ্যালয়খন ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ (ইংৰাজী: National Assessment and Accreditation Council)ৰ মূল্যাংকনত ৩.০৮ মানেৰে “এ” শ্ৰেণীৰ মহাবিদ্যালয় ৰূপে স্বীকৃত।২০১৩ চনৰ ৩০ মে’ত উত্তৰ লখিমপুৰ মহাবিদ্যালক বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা স্বায়ত্ত-শাসিত মহাবিদ্যালয়ৰ স্বীকৃতি প্ৰদান কৰা হয়। উল্লেখনীয় যে, এই মহাবিদ্যালয়েই বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা স্বায়ত্ত-শাসিত মহাবিদ্যালয়ৰ স্বীকৃতি প্ৰাপ্ত অসমৰ প্ৰথমখন মহাবিদ্যালয়। মূলমন্ত্ৰ (motto) आऩो भद्रा: क्रतवो यन्तु बिश्वत: স্থাপিত ১৯৫২,অধ্যক্ষ ড° বিমান চন্দ্ৰ চেতিয়া,স্থান উত্তৰ লখিমপুৰ, অসম, ভাৰত।

মহাবিদ্যালয় খনে কলা আৰু বিজ্ঞান বিভাগত উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰমৰ শিক্ষা প্ৰদান কৰে। ইয়াৰ উপৰিও মহাবিদ্যালয় খনত আন কিছুমান বৃত্তিমূখী পাঠ্যক্ৰমৰো ব্যৱস্থা আছে, বৰ্তমান মহাবিদ্যালয়খনত তলত দিয়া পাঠ্যক্ৰমসমূহৰ শিক্ষা প্ৰদান কৰা হয়

পাঠ্যক্ৰম

উচ্চতৰ মাধ্যমিক (কলা আৰু বিজ্ঞান)
স্নাতক (কলা আৰু বিজ্ঞান)
কম্পিউটাৰ বিজ্ঞানৰ স্নাতক (বি.চি.এ.)
পি জি ডিপ্লমা পাঠ্যক্ৰম
উদ্ভিদ কলা-কৰ্ষণ(ইংৰাজী:Plant tissue-culture)ৰ স্নাতকোত্তৰ ডিপ্লমা
দূৰ্যোগ ব্যৱস্থাপনা(ইংৰাজী:Disaster Management)ৰ স্নাতকোত্তৰ ডিপ্লমা
ইউ জি ডিপ্লমা পাঠ্যক্ৰম
চাৰ্টিফিকেট পাঠ্যক্ৰম
মানৱ অধিকাৰ পাঠ্যক্ৰমৰ ডিপ্লমা
ইলেকট্ৰনিকচ সামগ্ৰীৰ মেৰামতিৰ ডিপ্লমা
হাৰবেল প্লেনটেচনৰ ডিপ্লমা
ফাউণ্ডেশ্যন পাঠ্যক্ৰম
ইউ জি চি কেৰিয়াৰমুখী পাঠ্যক্ৰম
এইসমূহৰ ওপৰিও মহাবিদ্যালয় খনত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় আৰু কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ যোগেদি আগবঢ়োৱা বিভিন্ন পাঠ্যক্ৰমৰো শিক্ষা গ্ৰহণ কৰাৰ সুবিধা আছে ।

শৈক্ষিক বিভাগসমূহ
কলা:
ইংৰাজী বিভাগ
অসমীয়া বিভাগ
শিক্ষা বিভাগ
অৰ্থনীতি বিভাগ
ইতিহাস বিভাগ
ৰাজনীতি বিজ্ঞান বিভাগ
নৃতত্ব বিভাগ
ভূগোল বিভাগ
দৰ্শন বিভাগ
হিন্দী বিভাগ
বিজ্ঞান:
উদ্ভিদ বিজ্ঞান বিভাগ
প্ৰানী বিজ্ঞান বিভাগ
ৰসায়ন বিজ্ঞান বিভাগ
পদাৰ্থ বিজ্ঞান বিভাগ
ইলেক্ট্ৰনিকছ বিভাগ
কম্পিউটাৰ বিজ্ঞান বিভাগ
পৰিসংখ্যা বিজ্ঞান বিভাগ
অৰ্থনীতি বিভাগ
নৃতত্ব বিজ্ঞান বিভাগ
গণিত বিভাগ
গাৰ্হস্থ্য বিজ্ঞান বিভাগ

For more details Please!  Click Here

Best Wishes From www.scientiaeducare.com

Helping you choose a successful career….