Home assam education উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, (North East Institute of Science and Technology,...

উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, (North East Institute of Science and Technology, NEIST)

North East Institute of Science and Technology, NEIST

2328
0

scientiaeducare2
উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান

(North East Institute of Science and Technology, NEIST), যোৰহাট

বৈজ্ঞানিক আৰু উদ্যোগিক অনুসন্ধান পৰিষদৰ অধীনস্থ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ আঞ্চলিক গৱেষণাগাৰ উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানটো (পূৰ্বৰ আঞ্চলিক গৱেষণাগাৰ) যোৰহাটত প্ৰতিষ্ঠা কৰা হৈছিল ১৯৬১ চনৰ ১৮ মাৰ্চত। উত্তৰ-পূৰ্বাঞ্চলৰ বিপুল সম্পদৰাজিৰ ওপৰত গৱেষণা কৰি এইবোৰৰ সুব্যৱহাৰৰ জৰিয়তে অঞ্চলটোৰ অৰ্থনৈতিক বিকাশত বৰঙণি আগবঢ়োৱাই এই গৱেষণাৰ মূল লক্ষ্য। অঞ্চলটোৰ দীৰ্ঘকালীন সমস্যাসমূহ সমাধানৰ জৰিয়তে উদ্যোগিকৰণত সহায় কৰা, অঞ্চলটোৰ গৱেষণা সংক্ৰান্তিয় সমস্যাসমূহ সমাধান কৰা আৰু অঞ্চলটোৰ ৰাজ্যিক অনুষ্ঠানসমূহৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন গৱেষণাসমূহৰ লগত সম্পৰ্ক স্থাপন কৰি অঞ্চলটোৰ অৰ্থনৈতিক অনগ্ৰসৰতা দূৰ কৰাৰ বাবে কাম কৰা আদি লক্ষ্য আগত ৰাখিয়েই এই গৱেষণাগাৰে প্ৰচেষ্টা চলাই আহিছে। ১৯৮১ চনত অৰুণাচল প্ৰদেশৰ ইটানগৰত ইয়াৰ এটা শাখা খোলা হয়।

কৰ্মৰাজি

এই প্ৰতিষ্ঠানত হোৱা গৱেষণাৰ পৰিসৰ অতি বহল। ইয়াত গৱেষণা হোৱা বিভিন্ন বিষয়সমূহ হ’ল‌- জীৱবিদ্যা, কেমিকেল ইঞ্জিনিয়াৰিং, চিভিল ইঞ্জিনিয়াৰিং, কয়লা, ঔষধ আৰু ঔষধি দ্ৰব্য, সাধাৰণ ইঞ্জিনিয়াৰিং, ভূ-বিজ্ঞান, অজৈৱ ৰসায়ন, ঔষধি গুণযুক্ত আৰু অৰ্থনৈতিক দিশৰ পৰা প্ৰয়োজনীয় গছ, প্ৰাকৃতিক সম্পদসমূহ, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, মাটি আৰু অনুজীৱবিদ্যা, বিশেষভাৱে তৈয়াৰ কৰা কাগজ ব’ৰ্ড আৰু সাংশ্লেষিক ৰসায়নবিজ্ঞান। ইয়াৰ বাহিৰেও এই প্ৰতিষ্ঠানে বৈশ্লেষিক সেৱা আগবঢ়ায়।

নাগালেণ্ড, মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাত এই গৱেষণাগাৰৰ পৰীক্ষামূলক ফাৰ্ম আছে। উত্তৰ-পূৰ্বাঞ্চলৰ ১২ খন ঠাইত ৰাষ্ট্ৰীয় ভূভৌতিক গৱেষণা প্ৰতিষ্ঠানৰ সহযোগত স্থাপন কৰা ভূমিকম্প পৰ্যবেক্ষণ কেন্দ্ৰত অহৰহ তথ্য সংগ্ৰহ কৰি ভূমিকম্পৰ ওপৰত অধ্যয়ন কৰা হয়। তদুপৰি এই অঞ্চলৰ দুখীয়া গাঁৱৰ ৰাইজৰ আৰ্থ-সামাজিক উন্নতিৰ বাবে ভিতৰুৱা গাঁও কিছুমান বাছি উলিয়াই সেইবোৰৰ জৰিয়তে সমগ্ৰ অঞ্চলটোৰ গ্ৰামীণ অৰ্থনীতি উন্নতিৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা চলাই আহিছে। গাঁৱত পোৱা বিভিন্ন কেঁচামালেৰে সৰু উদ্যোগ প্ৰতিষ্ঠা কৰা, কম খৰচতে গাঁৱত ব্যৱহাৰ কৰিব পৰা প্ৰযুক্তি বিদ্যাৰ উদ্ভাৱন আদিৰ বাবে কাম কৰিছে। ইয়াৰ ভিতৰত চিত্ৰনলাৰ পৰা তেল উলিওৱা পদ্ধতি, খোৱা কাঠফুলাৰ খেতি কৰা পদ্ধতি, কম খৰচত পানী ছেকন কৰাৰ উপায় আদিয়েই প্ৰধান।

For more details Please! Refer the Website: Click Here
Best Wishes From www.scientiaeducare.com
Helping you choose a successful career….